আজিৰ দিনত আমাৰ চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষা ব্যৱস্থাৰ দুৰ্দিনৰ বাবে দায়ী কোন?

চৰকাৰ নে আমাৰ অভিভাৱক সকল?

চৰকাৰী স্কুলত সচেতন অভিভাৱকৰ সন্তানে শিক্ষা গ্ৰহণ কৰেনে?

চৰকাৰী বিদ্যালয় সমূহত চৰকাৰে মেধাৰ ভিত্তিত উপযুক্ত অৰ্হতাসম্পন্ন টেট শিক্ষক নিযুক্তি দিয়াৰ পিছতো চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ দুৰৱস্থা কিয়?

চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ৯০ শতাংশ শিক্ষাৰ্থীৰ অভিভাৱক তেওঁলোকৰ সন্তানৰ শিক্ষাৰ প্ৰতি সচেতন নহয়। আনকি অভিভাৱকৰ সভাত উপস্থিত নাথাকে কোনো অভিভাৱক।
আমাৰ ঘৰৰ নিলগতে থকা Kandhulimari Girl’s MV School ত (য’ত অামি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিলো) প্ৰায়ে গৈ তাৰ শিক্ষা ব্যৱস্থাৰ বুজ লবলৈ যাওঁতে তাৰ শিক্ষা গুৰুসকলে এটা কথা কোৱা শুনা পাওঁ, “আমাৰ বিদ্যালয়ত যিবোৰ ছাত্ৰ ছাত্ৰী পঢ়ে তেওঁলোকৰ প্ৰায়বোৰ অভিভাৱকে শিক্ষাৰ সচেতন নহয়।”
হ’বইনো কিয়? তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল বহন কৰিব নোৱাৰে কাৰণেই চৰকাৰী বিদ্যালয়তে নিজৰ সন্তানক পঢ়োৱাবলৈ পঠিয়াই, চৰকাৰী বিদ্যালয়ত কোনো মাচুল দিব নালাগে কাৰণে তাত কি শিক্ষা দিয়া হৈছে তাৰ প্ৰতি কোনো কানসাৰ নাই! মাহিলী মাচুল দি পঢ়ুৱাবলগীয়া হ’লেহে কৈফিয়ৎ লবলৈ হেতাওপৰা লাগে সেই তথাকথিত অভিভাৱক সকলৰ।
যদি প্ৰতিখন চৰকাৰী বিদ্যালয়ত অন্তত ১০ জন সচেতন অভিভাৱকে তেওঁলোকৰ সন্তানক পঢ়ুৱালে হেঁতেন অাৰু মাহেকত শিক্ষক সকলৰ পৰা তেওঁৰ সন্তানৰ শিক্ষাৰ কৈফিয়ৎ বিচাৰিলে হেঁতেন, তেতিয়া হ’লে কিন্তু আমাৰ দেশৰ শিক্ষা ব্যৱস্থাই এনে দুৰ্দিনৰ সন্মুখীন হ’বলগীয়া নহ’ল হেঁতেন। যদি প্ৰতিজন শিক্ষকে তেওঁলোকৰ সন্তান অথবা পৰিয়ালৰ অন্যান্য শিক্ষাৰ্থীক নিজৰ সন্তানৰ দৰে শিক্ষা প্ৰদান কৰিলে হেঁতেন তেতিয়া হ’লে কিজানি অাজি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাৰ ট্ৰেণ্ড সৃষ্টি নহ’ল হেঁতেন!! পৰিতাপৰ কথা এয়ে যে “চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক শিক্ষা গ্ৰহণ কৰালে লোকে কি বুলি ক’ব” ভাবি অাজি সকলোৱে ঢাপলি মেলিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফালে!!

ইয়াতে নগাওঁ ধিং সংযোগী পথৰ কদমণি আৰু ধূপগুৰিৰ মাজৰ ঠাইঢোখৰতস্থিত কলনিবস্তি প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ কথা অলপ বৰ্ণনা কৰিব বিচাৰিছো। বিদ্যালয় খনৰ আন্তঃগাঁঠনি দেখিলে কোনোবাই অনুমানে কৰিব নোৱাৰিব সেইখন যে এখন চৰকাৰী বিদ্যালয়। ইমানেই ধুনীয়া আন্তঃগাঁঠনিৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় চাগে নগাঁৱৰ উত্তৰাঞ্চলত নাই! অকল আন্তঃগাঁঠনিয়ে নহয় শৈক্ষিক ক্ষেত্ৰতো বিদ্যালয় খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ তুলনাত আগবঢ়া সেয়ে অঞ্চলৰ সচেতন অভিভাৱকে নিজ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা নি সেইখন চৰকাৰী বিদ্যালয়তে নামভৰ্তি কৰে। কাৰন উক্ত বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ অভিভাৱক সকলৰ মাজত সজাগতা অাৰু দায়িত্ববোধ অাছে।

জৱাহৰ নৱোদয় বিদ্যালয় (JNV) , কেন্দ্ৰীয় বিদ্যালয় (KV) আদিৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলা বিদ্যালয় সমূহত কঠিন পৰীক্ষাত উত্তীৰ্ণ হলেহে নামভৰ্ত্তি কৰিব পাৰে তথাপিও তেনেবোৰ বিদ্যালয়ত ভিৰ কৰে লাখ লাখ শিক্ষাৰ্থীয়ে। এইবোৰ বিদ্যালয়ৰ ক্ষেত্ৰত অভিভাৱক সকল ইমান সচেতন কিয়?

মই মোৰ কৰ্ম জীৱন আৰম্ভ কৰিছিলোঁ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে। তাতে কৰ্মৰত সময়ছোৱাত উক্ত বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ অভিভাৱক সকলৰ মাজত শিক্ষা গ্ৰহণৰ প্ৰতি যি উৎসুকতা দেখিছিলো তাকে দেখি সঁচাকৈয়ে আপ্লুত হৈছিলো। অভিভাৱক সকলে প্ৰায়েই আহি তেওঁলোকৰ সন্তানক শিক্ষক সকলৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ প্ৰতি অলপ নজৰ ৰাখিব লাগে বুলি আহ্বান জনাইছিল। তাকে দেখি মনটো ভাল লাগি গৈছিল। যিটো আমাৰ চৰকাৰী বিদ্যালয় সমূহত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলৰ মাজত একেবাৰেই নাই!!

চৰকাৰী বিদ্যালয় সমূহত মেধাৰ ভিত্তিত টেট পৰীক্ষাৰ মাধ্যমত উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষকৰ নিযুক্তিৰে চৰকাৰে শিক্ষা ব্যৱস্থাৰ প্ৰতি আমূল পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰিছে ঠিকেই, কিন্তু প্ৰাইভেট স্কুলত পঢ়োৱাৰ ট্ৰেণ্ড ফ’ল’ কৰি আজিৰ অভিভাৱক সকলে নিজৰ সন্তানক এজন সাধাৰণ স্নাতক ডিগ্ৰীধাৰী, শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ বিষয়ে কোনো জ্ঞান নথকা অথবা শিক্ষকতাৰ কোনো অভিজ্ঞতা নথকা ব্যক্তিৰ ওচৰলৈ পঠিয়াই দিয়ে শিক্ষা গ্ৰহণ কৰিবলৈ। অাজিকালি প্ৰায় প্ৰতিটো তিনিআলি, চাৰিআলিৰ মূৰত একো একোটা ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় লৈ উঠিছে। শিক্ষা দীক্ষা লাভ কৰি কৰ্ম বিমুখ হৈ নিবনুৱা যুৱক যুৱতী সকলে সমাজৰ কিছুমান মুখীয়াল ব্যক্তিৰ লগত লগ লাগি আৰম্ভ কৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়; য’ত শিক্ষক হিচাপে কাম কৰা এজন ব্যক্তিৰ নিজৰে ভৱিষ্যতৰ কোনো গেৰাণ্টি নাই আৰু তেনে শিক্ষকে ছাত্ৰ এজনৰ ভৱিষ্যত গঢ়িব?? নিজেই হীনমন্যতাত ভোগা ব্যক্তি এজনে সমাজৰ সু-নাগৰিক গঢ় দিব লাগিলে দেশৰ ভৱিষ্যত কোন দিশে অগ্ৰসৰ হৈ আছে ভাবি চাইছেনে এবাৰ??

Kuch Nehi Hone Wala is Desh Ka!!
RIP Government Schools!!!!

(বিঃদ্ৰঃ তিক্ত সচাঁ কথা কোৱা বাবে দায় দোষ নধৰে যেন)

Advertisements