মই বৰ্তমানে উপস্থিত আছো Swiggy ৰ গুৱাহাটীস্থিত কাৰ্যালয়ত। প্ৰথমেই কৈ থওঁ Swiggy হ’ল বেংগালুৰু বেইছড্ অনলাইন ফুড ডেলিভাৰী কোম্পানী। কাৰ্যালয়ৰ ভিতৰত যুবক, বয়স্ক লোকৰ প্ৰচণ্ড ভীৰ। কাৰণ কোনোবাই আহিছে ইন্টাৰভিউ ৰ কাৰনে, আন কোনোবাই ট্ৰেইনিঙৰ কাৰণে অাৰু মই আহিছো বন্ধু এজনক সংগ দিয়াৰ কাৰণে। যোৱা ফ্ৰেইণ্ডশ্বিপ ডে দিনাখন বন্ধুজনলৈ ফোন কৰি সুধিলো কি কৰি আছা আজিকালি? সি কলে এনেই ঘৰতেই বেকাৰ হৈ বহি আছো। মোক সি ক’লে তুমি যিহেতু গুৱাহাটীতে থাকা চাকৰিৰ কিবা সুবিধা পালে জনাবাছোন। মই বিচাৰ খোচাৰ কৰি গম পালো Swiggy এ গুৱাহাটীত তেওঁলোকৰ সেৱা আৰম্ভ কৰিব গৈ আছে আৰু তেওঁলোকৰ ডেলিভাৰী এক্সিকিউটিভৰ বাবে ৰিক্ৰুইটমেন্ট চলি আছে। তাক কথাটো বিৱৰি কলো। সি কাম কৰিবলৈ মান্তি হ’ল। কথা মতেই ইন্টাৰভিউ দিলে অাৰু ছিলেক্টো হ’ল। ১ ছেপ্তেম্বৰৰ পৰা ডিউটিত জইন কৰিব। এতিয়া সি আহিছে ট্ৰেইনিঙৰ কাৰণে আৰু মই তাৰ লগত সংগ দিবলৈ।

অফিচৰ ভিতৰ চ’ৰাত প্ৰচণ্ড ভীৰ। তাৰে ভিতৰত বেছিভাগ দেখাত শিক্ষিত লোক। আচলতে ডেলিভাৰী এক্সিকিউটিভ পদৰ বাবে মিনিমাম অৰ্হতা মেট্ৰিক পাছ (HSLC) কিন্তু ইয়াতে তাৰ ওলোটা ছবি। মেট্ৰিক পাছৰ অৰ্হতাৰ চাকৰি এটাৰ বাবে গ্ৰেজুৱেট নিবনুৱাৰ লানি নিছিগা সোঁত কিয়?

আচলতে আমাৰ শিক্ষিত নিবনুৱাৰ Skills (কৌশল) ৰ অভাৱ নে অসমত চাকৰিৰ অভাৱ?
নে নিজে কিবা এটা কৰাৰ মানসিকতাৰ অভাৱ?
অতি পৰিতাপৰ কথা যে, শিক্ষিত হৈ ৮/১০ হেজাৰ টকাত লোকৰ অধীনত চাকৰি কৰিবলৈ লাজ নালাগে কিন্তু নিজে দোকান এখন খুলিবলৈ বা ব্যৱসায় এটা আৰম্ভ কৰিবলৈ লাজ লাগে। এইয়াই আমাৰ যুব সমাজৰ মানসিকতা!

যিকি নহওঁক কামৰ সৰু বৰ নাই আৰু বেকাৰ মন চয়তানৰ আড্ডা। ফেচবুকত ধৰ্মৰ নামত কৰা ৰাজনীতিতকৈ কিবা এটা কামত লাগি থকা ভাল।

Advertisements