তেতিয়া সমগ্ৰ দেশে জুনাইদৰ মৃত্যুত শোক প্ৰকাশ কৰি আছিল; ঠিক তেনেতেই আন এক শিহৰণকাৰী ঘটনা সংগঠিত হয় বিহাৰত।
“গৌ-ভক্তিৰ নামত নিৰীহক হত্যা কৰাটো গ্ৰহনযোগ্য নহয়। মহাত্মাৰ দেশত আইন নিজৰ হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই।”

__ বৃহস্পতি বাৰে নৰেন্দ্ৰ মোদীয়ে নিজৰ ৫৬ ইঞ্চি বুকু ফিন্দাই এই সকীয়নিৰ দুঘণ্টা পাৰ নৌহওঁতেই ঝাৰখণ্ডৰ ৰামগড় জিলাত আজগৰ আনচাৰী ওৰফে আলিমুদ্দিনক এদল দুষ্কৃতিকাৰীয়ে মৰিয়াই হত্যা কৰে।

অপৰাধঃ নিজৰ মাৰুতে ভেন গাড়ীত গৌ-মাংস লৈ নিজ ঘৰলৈ গৈ আছিল।

দুষ্কৃতিকাৰীৰ দলে আলিমুদ্দিনক বাট আগছি ধৰি নিজ গাড়ীৰ পৰা চুচৰাই নমাই আনি বেয়াকে মাৰধৰ কৰে আৰু তেওঁৰ গাড়ীত জুই লগাই দিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আলিমুদ্দিনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তাতে আলিমুদ্দিনৰ মৃত্যু হয়।

ফৰিদাবাদৰ জুনাইদৰ মৃত্যুত গেটেই দেশে শোক প্ৰকাশ কৰি #NotInMyName প্ৰতিবাদ কৰি থকাৰ সময়তেই আলিমুদ্দিনৰ মৃত্যুৰ বাতৰিয়ে শংকিত কৰি তুলিছে সমগ্ৰ দেশবাসীক।

নৰেন্দ্ৰ মোদীৰ কঠোত সকীয়নিৰ পিছতো দেশত আইন নিজৰ হাতত তুলি লোৱা আলিমুদ্দিনৰ হত্যাকাৰী সেই নৰখাদক বোৰে শাস্তি পাবনে?

…… ইয়াৰেপৰি শুকুৰবাৰে অসমৰ গোৱালপাৰাত ডি ভোটাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ গৈ আৰক্ষীৰ গুলিত প্ৰাণ গ’ল খুটামাৰী গাওঁৰ ইয়াকুব আলী (২২) নামৰ এজন যুৱকৰ।ইয়াৰোপৰি আৰক্ষীৰ লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বহু কেইজন লোক।

নিজৰ প্ৰাপ্য ন্যায় আৰু অধিকাৰ বিচাৰি কৰা গনতান্ত্ৰিক আন্দোলনৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত সংঘটিত এনে বৰ্বৰকাণ্ড আৰু কিমান সহ্য কৰিব লাগিব নিৰীহ অসমৰ লোকে?

চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত আৰু কিমান নীৰিহৰ তেজেৰে ফাকুঁ খেলিব অসম আৰক্ষীয়ে?

#StopHarassingMuslims #StopMobLynching #StopBrutality #ShameOnAssamPolice

Advertisements