নৰেন্দ্ৰ মোদীৰ সকীয়নিৰ পিছতো নিৰীহৰ তেজেৰে ফাঁকু খেলা বন্ধ হোৱা নাই!

তেতিয়া সমগ্ৰ দেশে জুনাইদৰ মৃত্যুত শোক প্ৰকাশ কৰি আছিল; ঠিক তেনেতেই আন এক শিহৰণকাৰী ঘটনা সংগঠিত হয় বিহাৰত।
“গৌ-ভক্তিৰ নামত নিৰীহক হত্যা কৰাটো গ্ৰহনযোগ্য নহয়। মহাত্মাৰ দেশত আইন নিজৰ হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই।”

__ বৃহস্পতি বাৰে নৰেন্দ্ৰ মোদীয়ে নিজৰ ৫৬ ইঞ্চি বুকু ফিন্দাই এই সকীয়নিৰ দুঘণ্টা পাৰ নৌহওঁতেই ঝাৰখণ্ডৰ ৰামগড় জিলাত আজগৰ আনচাৰী ওৰফে আলিমুদ্দিনক এদল দুষ্কৃতিকাৰীয়ে মৰিয়াই হত্যা কৰে।

অপৰাধঃ নিজৰ মাৰুতে ভেন গাড়ীত গৌ-মাংস লৈ নিজ ঘৰলৈ গৈ আছিল।

দুষ্কৃতিকাৰীৰ দলে আলিমুদ্দিনক বাট আগছি ধৰি নিজ গাড়ীৰ পৰা চুচৰাই নমাই আনি বেয়াকে মাৰধৰ কৰে আৰু তেওঁৰ গাড়ীত জুই লগাই দিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আলিমুদ্দিনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তাতে আলিমুদ্দিনৰ মৃত্যু হয়।

ফৰিদাবাদৰ জুনাইদৰ মৃত্যুত গেটেই দেশে শোক প্ৰকাশ কৰি #NotInMyName প্ৰতিবাদ কৰি থকাৰ সময়তেই আলিমুদ্দিনৰ মৃত্যুৰ বাতৰিয়ে শংকিত কৰি তুলিছে সমগ্ৰ দেশবাসীক।

নৰেন্দ্ৰ মোদীৰ কঠোত সকীয়নিৰ পিছতো দেশত আইন নিজৰ হাতত তুলি লোৱা আলিমুদ্দিনৰ হত্যাকাৰী সেই নৰখাদক বোৰে শাস্তি পাবনে?

…… ইয়াৰেপৰি শুকুৰবাৰে অসমৰ গোৱালপাৰাত ডি ভোটাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে  আন্দোলন কৰিবলৈ গৈ আৰক্ষীৰ গুলিত প্ৰাণ গ’ল খুটামাৰী গাওঁৰ ইয়াকুব আলী (২২) নামৰ এজন যুৱকৰ।ইয়াৰোপৰি আৰক্ষীৰ লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বহু কেইজন লোক।

নিজৰ প্ৰাপ্য ন্যায় আৰু অধিকাৰ বিচাৰি কৰা গনতান্ত্ৰিক আন্দোলনৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত সংঘটিত এনে বৰ্বৰকাণ্ড আৰু কিমান সহ্য কৰিব লাগিব নিৰীহ অসমৰ লোকে? 

চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত আৰু কিমান নীৰিহৰ তেজেৰে ফাকুঁ খেলিব অসম আৰক্ষীয়ে?

#StopHarassingMuslims #StopMobLynching #StopBrutality #ShameOnAssamPolice

“Sedition Act” কেৱল মুছলমান আৰু দলিত শ্ৰেণীৰ ওপৰতে প্ৰযোজ্য নেকি?

​১৮ জুন ২০১৭, ক্ৰিকেট অনুৰাগীৰ বাবে এটা উৎসৱৰ দিন। বাট পথ সকলো জনশূণ্য! সকলোৰে চকু টেলিভিচনৰ স্ক্ৰীনত; তাতে আকৌ ভাৰত বনাম পাকিস্তানৰ খেল। ২০১৭ চনৰ চেম্পিয়ন ট্ৰফী খেলখনত পাকিস্তানে ভাৰতক ৮ উইকেটত হৰুৱাই বিজয় সাৱ্যস্ত কৰে। পাকিস্তান বিজয়ী হোৱাত ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনত বেদনা…

ইয়াৰ বিপৰিতে পাকিস্তান ক্ৰিকেট দলে প্ৰদৰ্শন কৰা সুন্দৰ খেলৰ বাবে কিছু সংখ্যক  ভাৰতীয়ই পাকিস্তানৰ জয়ৰ বাবে বিজয়োল্লাস কৰা পৰিলক্ষিত হ’ল। কিছুলোকে টুইটাৰ/ফেচবুক যোগে পাকিস্তান ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰাও দেখা গ’ল।

কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে,
যিটো সময়ত বলাৎকাৰৰ নিচিনা জঘন্য অপৰাধ কৰি অপৰাধী মুকলি আকাশৰ তলত মুক্তমনে বিচৰণ কৰি ফূৰিছে, তেনেসময়ত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ যোৱা চেম্পিয়ন ট্ৰফীত পাকিস্তানৰ জয়লাভত বিজয় উল্লাস কৰাৰ বাবে #sedition গোচৰত ইতিমধ্যে মধ্যপ্ৰদেশত ১৫ জন,
ৰাজস্থানৰ বিকানেৰত ৫ জন,
কৰ্ণাটকত ছাব্বিৰ আহমেদ নামৰ এজনক,
অসমৰ ধুবুৰীত মোঃ আকাশ আহমেদ নামৰ এজনক পুলিচে গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা আটাইকেইজন মুছলমান যুৱক।

ইয়াৰোপৰি কেৰেলাত স্থানীয় বিজেপি নেতা ৰাজেশ সেট্টীয়ে মুছলমান অধ্যুষিত অঞ্চলৰ ২৩জন যুৱকৰ বিৰোদ্ধে গোচৰ ৰুজু কৰিছে।

কিন্তু প্ৰশ্ন হয়ঃ অকল মুছলমানেই পাকিস্তানৰ বিজয়োল্লাসত ভাগ লৈছিল নেকি?
বৃটিছে প্ৰৱৰ্তন কৰা “Sedition” আইন কেৱল মুচলমান অথবা দলিত শ্ৰেণীৰ ওপৰতেই প্ৰযোজ্য নেকি?

অলপতে ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগ (National Commission for Minorities)ৰ নৱ-নিযুক্ত সভাপতি (বিজেপি সংখ্যালঘূ মৰ্চাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক) গায়োৰুল হাচান ৰিজৱীৰ এক বিতৰ্কিত মন্তৱ্যই তোলপাৰ লগাইছে সমগ্ৰ দেশত।

ৰিজৱীৰ ভাষ্যঃ “যিসকল ভাৰতীয়ই পাকিস্তানৰ হৈ বিজয়োল্লাস কৰে, তেওঁলোকে এই দেশ এৰি পাকিস্তানলৈ গুছি যাওঁক।”

#StopSayingAntiNational
#StopHarassingMuslims #Sedition #CT2017Final #IndiavsPakistan

(Courtsey: HT, Quint)

জুনাইদৰ হত্যাকাৰীয়ে শাস্তি পাবনে?

junaid-faridabad-lynchingবয়স মাত্ৰ ১৬ বছৰ; সপোন আছিল দিল্লী জামে মছজিদৰ ইমাম হোৱাৰ।
মূৰত টুপি, পিন্ধনত কূৰ্তা-পাঞ্জাৱী, গাত আতৰৰ সুগন্ধি।
ঈদলৈ মাজত মাথো তিনিটা দিন বাকী থকাত
অন্য মুছমানৰ দৰে তেওঁ নিজৰ চাৰি ভাতৃৰ সৈতে গৈছিল ঈদৰ বজাৰ কৰিবলৈ।
সময়ঃ সন্ধিয়া ৭/৮ বজা
ঈদৰ বজাৰ কৰি আনন্দমনে মথুৰাৰ ট্ৰেইনত ঘৰমূৱা হৈ আছিল।
অখলা ষ্টেচনত ১৫/২০ জনীয়া যুৱকৰ দল এটা ৰেলগাড়ীত উঠি জুনাইদহঁত বহা ছিটটো খালি কৰি দিৱলৈ কয় আৰু এনেতে কাজিয়াৰ সুত্ৰপাত হয়।
উদণ্ড যুবকৰ দলে “ৰাষ্ট্ৰ বিৰোধী”, “গৌ মাংস ভক্ষণকাৰী”, “মোল্লা” (Anti National, Beef-eater, Mulla) বুলি কৈ জপিয়াই পৰিল হাফিজ জুনাইদ খান আৰু তেওঁৰ ভাতৃ হাসিম, মইন, সাকিৰ, মৌচিনৰ ওপৰত।
অপৰাধ এয়াইঃ তেওঁলোক মুছলমান!
তেওঁলোকে গৰুৰ মাংস ভক্ষণ কৰে!
তেওঁলোকে পাঞ্জাৱী-টুপি পিন্ধে, দাঢ়ি ৰাখে!
উদণ্ড যুৱকৰ দলে জুনাইদ আৰু তেওঁৰ চাৰি ভাতৃক উপৰ্যুপৰি আক্ৰমন কৰিলে আৰু অৱশেষত জুনাইদক ৰেলগাড়ীৰ পৰা বাহিৰলৈ দলিয়াই দিয়ে।
ৰেলগাড়ীৰ পৰা পৰি জুনাইদে অকাল মৃত্যুক সাৱটি লয়।
আহত হৈ জুনাইদৰ ভাতৃ বৰ্তমান দিল্লীৰ এইমছ্ত চিকিৎসাধীন হৈ আছে।

যিটো সময়ত সমগ্ৰ দেশে ঈদৰ আনন্দোল্লাষত ব্যস্ত সেইসময়ত ফৰিদাবাদৰ জুনাইদৰ ঘৰত শোকৰ বন্যা, কান্দোনৰ ৰোল।
জুনাইদৰ মৃত্যুত শোক প্ৰকাশ কৰি, প্ৰতিবাদ সাব্যস্থ কৰি দেশজুৰি বিভিন্ন স্থানত ক’লা ফিতা হাতত বান্ধি, ক’লা পতাকা আৰি পবিত্ৰ ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে।

IMG_20170626_091658.jpg

প্ৰশ্ন হয়ঃ মুছলমান মানেই ৰাষ্ট্ৰ বিৰোধী (Anti National) নেকি?

শাস্তি পাবনে জুনাইদৰ হত্যাকাৰীয়ে?

ন্যায় পাবনে জুনাইদৰ পৰিয়ালে?

#StopMobLynching #StopSayingAntiNational