যিসকলৰ জীৱনত নৱবৰ্ষৰ উন্মাদনায় কোনো প্ৰভাৱ নেপেলায়…

নৱবৰ্ষ বুলি ক’লেই মনলৈ ভাহি আহে বনভোজস্থলিৰ এখনি স্ফূৰ্তিভৰা ছবি। পুৰণি বছৰটোক বিদায় দি সকলো ব্যস্থ হয় নতুন বছৰটোক আদৰা কাৰ্য্যত। বছৰৰ প্ৰথমদিনা বিভিন্ন জনে পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ সৈতে বিভিন্ন ঠাইত প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিৱলৈ যায়। 

আমি ২০১৭ চনৰ পহিলা দিনটো পাৰ কৰিলো কোকৰাঝাৰ জিলাৰ লুংছুং অঞ্চলত, সেই অঞ্চলত বসবাস কৰা আদিবাসী লোকসকলৰ সৈতে, তেওঁলোকৰ দুখভৰা কাহিনী অধ্যয়ন কৰি।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১৫ কিঃমিঃ বাট বহুকষ্টেৰে অতিক্ৰম কৰি উপস্থিত হ’লো লুংছুং অঞ্চলত। গাৱলীয়া পৰিৱেশ বুলি ক’লে আমাৰ মনলৈ যিটো ছবি সচৰাচৰ ভাহি উঠে তাতোকৈয়ো অধিক দুখলগা ছবি লুংছুং অঞ্চলৰ। আদিবাসী গাঁৱত সোমায়ে আমি এঘৰ মানুহৰ অৱস্থা দেখি গাড়ী ৰখায় তেওঁলোকৰ কাহিনী জানিবলৈ বাধ্য হ’লো।

মন্ধা মুৰ্মু – দুটি সন্তানৰ সৈতে তাই ঘৰৰ চোতালত ধান শুকুৱাই আছিল। আমি তাইৰ ঘৰত উপস্থিত হোৱাত দুখন পীৰা আৰু ঘৰত থকা একমাত্ৰ ঢাৰিটো পাৰি দিছিল আমাক বহিবলৈ। আমি কথাপাতি জানিব পাৰিলো যে স্বামী আৰু পাঁচটা সন্তানৰ সৈতে এইখন ভঙা জুপুৰিত থাকি, কৃষি কাম আৰু দিন হাজিৰা কৰি জীয়াই আছে তেওঁলোক।

১৯৯৬ চনৰ বড়ো-আদিবাসী সংঘৰ্ষৰ বলি হৈ এই পৰিয়ালটো প্ৰায় ডেৰ বছৰ ৰুণীখাতাৰ শিবিৰত বসবাস কৰিছিল। শিবিৰত থকা সময়ছোৱাত চৰকাৰে অকল খাদ্যবস্তুৰ বাদে বেলেগ কোনো সা-সুবিধা প্ৰধান কৰা নাছিল সেয়ে এই পৰিয়ালৰ লগতে অন্য লোকসকলে ওচৰৰ গাঁৱত দিন হাজিৰা কৰি নিজৰ সন্তানকেইটাক লৈ কোনোমতে জীয়াই আছিল।২০১০ চনত বন বিভাগে উক্ত অঞ্চলৰ ৫৬ টা গাঁৱৰ আদিবাসী লোকৰ ভেটি-মাটি উচ্ছেদ কৰিছিল। সেই সময়ত উক্ত পৰিয়ালটোও বন বিভাগৰ উচ্ছেদৰ বলি হৈ কদমগুৰি এম.ই স্কুলত স্থাপন কৰা অস্থায়ী শিবিৰত কোনো চৰকাৰী সাহায্য অবিহনে বাস কৰিবলগীয়া হৈছিল। উচ্ছেদৰ সময়ত তেওঁলোকৰ ভঁৰালত জমা থকা শস্য, হাঁহ-কুুকুৰা, গৰু-ছাগলী আদি বন বিভাগৰ লোকে লুট কৰি নিছিল।        ২০১৪ চনত পুনৰবাৰ বনবিভাগে এওঁলোকক উচ্ছেদৰ নামত নানান হাৰাশাস্তি কৰিছিল। আকৌ তেওঁলোক চৰকাৰী আশ্ৰয় শিবিৰৰ বাসিন্দা হ’ৱলগীয়া হৈছিল।

সদৌ অসম আদিবাসী ছাত্ৰ সংগঠন চমুকৈ ‘আছা’ৰ এজন ছাত্ৰনেতাৰ সহযোগত উক্ত গাঁৱৰ এখন বিদ্যালয়ত (সেই গাঁৱৰ) কেইজনমান লোকৰ সৈতে তেওঁলোকৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি আলোচনা কৰিলো। তেওঁলোকে আমাক বিভিন্ন সমস্যাৰাজিৰ বিষয়ে অৱগত কৰায়। তেওঁলোকে আমাক জানিৱ দিয়ে ১৯৯৬ চনৰ বড়ো-আদিবাসী সংঘৰ্ষৰ বৰ্বৰতাৰ কাহিনী, ১৯৭২, ২০০৬, ২০১০, ২০১৪ চনত বন বিভাগে কৰা উচ্ছেদৰ বিভিন্ন বিষাদভৰা কাহিনী।

২০১০ চনৰ বন বিভাগৰ উচ্ছেদৰ সময়ত ধানী কিছকোৰ আঢ়ৈ বছৰীয়া সন্তান মংগল হেম্ব্ৰমৰ মৃত্যুৰ দুখভৰা কাহিনী আমাক তাই অৱগত কৰায়।               তাই নদীত কাপোৰ ধুই আছিল, তেতিয়া বন বিভাগৰ লোকে তাইৰ ঘৰটোত জুই লগাই দিয়ে। তাই দৌৰি আহি মানুহবোৰক ক’লে যে তাইৰ ল’ৰাটো ঘৰৰ ভিতৰত শুই আছে, গতিকে ঘৰটোত জুই নলগাব। কিন্তু বন বিভাগৰ লোকে তেওঁৰ কথা নুশুনি ঘৰটোত জুই জ্বলাই দিলে। তাই বহু কষ্ট কৰি ল’ৰাটোক জুইৰ পৰা উদ্ধাৰ কৰে কিন্তু তাৰ মূৰত জুই লাগি চুলিবোৰ পুৰি গৈছিল। এনে অৱস্থা দেখি গাঁৱৰ ৰাইজে টকা-পইচা বৰঙনি একত্ৰিত কৰি ল’ৰাটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ আগতে প্ৰমিলা ৰাণী ব্ৰক্ষ্মই ল’ৰাটোৰ চিকিৎসাৰ বাবৎ দহেজাৰ টকাৰ সাহায্য আগবঢ়ায়। প্ৰাথমিক চিকিৎসাত ল’ৰাটো হয়তে অলপ ভাল হৈ উঠিছিল কিন্তু এবছৰ মৃত্যুৰে যুজি অৱশেষত আঢ়ৈ বছৰীয়া মংগলৰ মৃত্যু হয়।

দেউলগুৰি গাঁৱৰ মঞ্জুলা বাইদেৱে ২০১০ চনৰ এন ডি এফ বি (এছ) ৰ সংঘৰ্ষৰ সময়ত তেওঁৰ স্বামীক হেৰুৱাৱলগীয়া কাহিনি শুনি আমাৰ চকু চলচলীয়া হৈ ৰ’ল। সন্ধিয়া ৫ মান বজাত তাই পৰিয়ালৰ সকলোৰে সৈতে ঘৰতে বহি আছিলে। সেই সময়তে গুলি চলা আৰম্ভ হ’ল। তাইৰ স্বামীৰ মূৰত গুলি লাগিল। তেওঁ গুলি খাই মাটিত পৰি ৰ’ল আৰু মঞ্জুলা বাইদেৱে কোনোমতে নিজৰ ল’ৰা-ছোৱালী কেইজনীক লৈ ঘৰৰ পিছফালৰ কলগছৰ আৰঁত লুকাই থাকিল। শকত, ওখ-পাখ মঞ্জুলা বাইদেউৰ স্বামীয়ে একেটা গুলিতে নিজৰ জীৱন ত্যাগ দিয়ে। মঞ্জুলা বাইদেৱে কৰিব বিচাৰিও একো কৰিব পৰা নাছিল কাৰন তাই ওলাই আহিলে তাইকো গুলি কৰিব। এই ঘটনাৰ পিছত তাই নিজৰ সন্তানক লৈ অস্থায়ী শিবিৰত প্ৰায় ন মাহ আশ্ৰয় ল’বলগীয়া হৈছিল। ক্ষতিপূৰণৰ বাবদ যি পাঁচ লাখ টকা লাভ কৰিছিল তাৰে দুই লাখ টকা চৰকাৰী বিষয়া সকলে বিভিন্ন অজুহাত দেখুৱাই মঞ্জুলা বাইদেউৰ পৰা কাটি ৰাখে। ক্ষতিপূৰণৰ বাবদ পাঁচ লাখৰ মাত্ৰ তিনি লাখ টকাহে তাই লাভ কৰে।

দেউলগুৰি গাঁৱৰে সুপুল হাস্তা, তেওঁ সংগৰ্ষত গুলিবিদ্ধ হৈ প্ৰায় চাৰি মাহ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল। তেওঁৰ ঘৈনীয়েকৰ কেঁচুৱা হোৱাৰ বাবে তেওঁ পাক ঘৰত ভাত বনাই আছিল। সেই সময়ত গুলিৰ শব্দ শুনি তেওঁ পাকঘৰৰ পৰা ওলাই দৌৰি পলোৱাৰ সময়ত ভৰিত গুলিবিদ্ধ হৈ ওচৰতে থকা পানীখোৱা কুঁৱাত পৰি যায়। কুঁৱাৰ পৰা কেনেবাকৈ উঠি ওচৰতে থকা নলা এটাত অজ্ঞান হৈ পৰি থাকে। পিছদিনা গাঁৱৰ ৰাইজে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ত তেওঁৰ জ্ঞান ঘূৰি আহে। তেতিয়াহে মানুহজনে গম পালে যে তেওঁৰ ভৰিত গুলি লাগিছে। তেওঁৰ পৰিয়ালৰ বাকীবোৰ সদস্য অস্থায়ী শিবিৰত থকা কালত, এমাহ পিছতে তেওঁৰ কেঁচুৱাটোৰ (বেমাৰত) মৃত্যু হয়।

তেওঁ চৰকাৰৰ পৰা চিকিৎসাৰ বাবদ তেওঁ মাত্ৰ ২৭ হাজাৰ টকা লাভ কৰিছিল আৰু ক্ষতিপূৰণৰ বাবদ যি পঞ্চাছ হাজাৰ সেই ধনখিনিও দালালৰূপী দাদাই ভক্ষন কৰে।

চৰকাৰৰ বন বিভাগে এই দূৰ্ভগীয়া লোক সকলক আকৌ নিজ গৃহৰ পৰা উচ্ছেদৰ যো-যা চলায় গাঁৱৰ গাঁওবুঢ়ালৈ জাননী প্ৰেৰণ কৰিছে। আমি জানিব বিচাৰিলো- যদি বন বিভাগে আকৌ আপোনালোকক উচ্ছেদ কৰে, তেন্তে আপোনালোকে কি কৰিব?

সকলোৱে ক’লেঃ আমি বিগত সংগৰ্ষত আমাৰ আত্মীয়স্বজন, খেতি-মাটি বহু কিবাকিবি হেৰুৱালো।গতিকে চৰকাৰে যাতে এইবাৰ আকৌ আমাৰ কোনো অন্যায় নকৰে তাৰ বাবে চৰকাৰক কৰযোৰে অনুৰোধ কৰো।

কিন্তু প্ৰশ্ন হয়ঃ চৰকাৰ কিম্বা বন বিভাগে এই দুখীয়া, খাটিখোৱা লোকসকলৰ সবিনয় নিবেদন শুনিবনে??

 #Assam #Bodo #Adivashi #Conflict #BTAD # Kokrajhar #LandConflict #Eviction