“D ভোটাৰ, NRC, উচ্ছেদ” এইবোৰ কোনো সমস্যা নহয়। একো একোটা ৰাজনৈতিক আহিলা মাথো।

ধুবুৰী জিলাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অধীনস্থ লালকুৰা গাঁৱৰ পঞ্চায়ত সদস্য ইছাহাক আলী চাহাবৰ লগত তেওঁলোকৰ অঞ্চলত বানপানীৰ সময়ত হোৱা বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰি আছিলো। তেওঁ বিভিন্ন সমস্যাৰ বিষয়ে আমাক অৱগত কৰালে। এনেতে তেওঁ ক’লে বানপানী আৰু গৰাখহনীয়াত ভেঁটি-মাটি সৰ্বস্ৰান্ত হৈ উক্ত গাঁৱৰ প্ৰায় ২২০ টা পৰিয়াল ইতিমধ্যে ওচৰৰ পাহাৰৰ হাবি মাটিত (Forest Land) বিগত ২৫/৩০ বছৰে বসবাস কৰি আছে। কিন্তু পৰিতাপৰ বিষয় এয়ে যে যোৱা নবেম্বৰ মাহত অসমৰ বনমন্ত্ৰী উক্তস্থান পৰিদৰ্শন কৰাৰ পিছত, ১৮ নবেম্বৰ তাৰিখে ধুবুৰী জিলা প্ৰশাসনে বন বিভাগৰ উদ্যোগত সেই লোকসকলক উক্ত ঠাই খালি কৰাৰ বাবে জাননী পঠিয়াই।

তাৰ পিছৰে পৰা সেই লোকসকলে উচ্ছেদৰ ভয়তে পাহাৰৰ পৰা বন বিভাগৰ মাটি এৰি নদীকাষৰীয়া বিভিন্ন ঠাইত অস্থায়ীভাবে থাকিবলৈ লৈছে। চৰকাৰ পৰা উচিত সংস্থাপন নোহোৱা বাবে, এইসকল লোক অহা বানপানীত আকৌ গৃহহাৰা হ’ৱ। 

কোন থিয় হ’ব এই গৃহহীন লোকসকলৰ কাষত?

উক্তঠাইৰ বেদনাসিক্ত কাহিনী শুনি উভতাৰ সময়ত ধুবুৰী গোৱালপাৰা সংযোগী পথৰ দাঁতিত ধীৰঘাট নামৰ ঠাইত দেখা পালো এদল পুলিচৰ লোক, লগত বুলডুজাৰ লৈ ৰখি আছে। তাৰে স্থানীয় লোকক সোধাত জানিব দিয়ে যে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দোকানঘৰ বোৰ ভঙাৰ কাৰণে এওঁলোক ইয়াত ৰখি আছে। যোৱা ৰাতি ধুবুৰী জিলা প্ৰশাসনে মাইক যোগে এইসকল লোকক উক্ত স্থানৰ পৰা দোকান উঠোৱাৰ নিৰ্দেশ দিছিল আৰু ৰাতি পুৱাই বুলডুজাৰ লৈ নামি পৰিছে উচ্ছেদ অভিযানত। ৰাষ্ট্ৰীয় ঘাইপথটো চাৰি লেনযুক্ত কৰা হ’ৱ সেয়েহ কোনো ক্ষতিপূৰণ অথবা নিৰ্দিষ্ঠ সময়সীমা বান্ধি নিদিয়াকৈ ১৮/২০ খন দোকান ঘৰত প্ৰশাসনে চলায় বুলডুজাৰ।

আৰু কিমান দিন সহ্য কৰিব লাগিব চৰকাৰ, প্ৰশাসনৰ এনে অপশাসন?

 

 

 

 

Advertisements

4 thoughts on ““D ভোটাৰ, NRC, উচ্ছেদ” এইবোৰ কোনো সমস্যা নহয়। একো একোটা ৰাজনৈতিক আহিলা মাথো।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s