Farakka Barrage on Holy River Ganga


FarkkaBarrage, on the Holy River Ganga.

Over 50 years ago, Bengal’s chief engineer predicted that the Farakka Dam would flood Bihar. And finally last year his prediction came true!

The recent call by Nitish Kumar, chief minister of Bihar, to remove the Farakka barrage has added a new dimension to the ongoing debate on the utility of the barrage. Located in West Bengal, roughly 16.5 kilometres from the border with Bangladesh, the barrage was planned to enhance the flow of Bhagirathi-Hooghly branch of the Ganga to resuscitate the port at Kolkata.
(Courtsey: Scroll) 

Advertisements

The Real PadMan of India, Arunachalam Muruganantham


“You thinking I’m a Mad?
But, mad only becoming famous!
Woman strong, mother strong, sister strong; then country strong!
I not study IIT, but IIT study me!”


It’s a dialogue from Akshay Kumar starrer movie #PadMan which is fully base on social awareness of women menstruation.

The story of the film is influenced by the Real PadMan of India Arunachalam Muruganantham (Padmashree Awardee social entrepreneur) of Tamil Nadu. He is the inventor of a low-cost sanitary pad making machine and has innovated grass-roots mechanisms for generating awareness about traditional unhygienic practices around menstruation in rural India. ‘Menstrual Man‘ is a Documentary Film and the film was nominated for Best Feature Documentary at the Asia Pacific Screen Awards at 2013, which was fully based on his life story. Even, Bill Gates, the richest person on the world, was influenced by his life story.


“No human being ever died because of poverty. Everything happens because of ignorance.”


Hats off to Real PadMan of India #ArunachalamMuruganantham

বন্ধু বুলিবলৈ বন্ধুৰ অভাৱ নাই, অভাৱ মাথো পাৰ্টনাৰৰ!

বন্ধু বুলিবলৈ বন্ধুৰ অভাৱ নাই, কিন্তু কিবা এটা ভাল গঠনমূলক আলোচনা (Creative Discussions) কৰিবলৈ Partnerৰ বহুত অভাৱ অনুভৱ কৰিছো!

উত্থান-পতন সকলো সময়তে সংগ দিব পৰা, মন্দাৱস্থাত সাহস দিব পৰা একোজন Partnerৰ বৰ অভাৱ অনুভৱ কৰিছো…

মোৰ সৈতে ভাষাৰ মিল থাকিলেও, ধাৰণাৰ মিল নাইকিয়া কাৰনেই হয়তো আজি এজন Partnerৰ বহুত অভাৱ অনুভৱ কৰি আছো!

সকলোৱে উৰিৱ বিচাৰে বহু ওপৰলৈ, কিন্তু সৰি পৰাৰ ভয়ত উৰিবলৈ সৎ সাহস কোনেও নকৰে! জীৱনত সফল, কৃতকাৰ্য্য, Successful সকলোৱেই হ’ৱ খোজে, সেয়ে হয়তো সকলো অৱতীৰ্ণ হৈ পৰিছে Percentage % আৰু এখন চাকৰি পোৱাৰ দৌৰত!

দেশখন কেতিয়াবাই স্বাধীন হ’ল, কিন্তু আমাৰ চিন্তাধাৰাবোৰে কেতিয়াও স্বাধীনতা লাভ নকৰিলে! চিন্তাধাৰাবোৰ এতিয়াও লোকৰ বশৱৰ্তী!

 

 

“ছবছে বৰা ৰোগ ক্যা কহেঙ্গে লোগ”

 

লোকৰ গোলামি কৰিহে আমাৰ ভাল লাগে! সেই কাৰনেই হয়তো সৈন্যৰ দৰে দিন-ৰাতি মেহনত কৰি প্ৰস্তুত কৰি আছো নিজকে!

আমি আজি নিজৰ উদ্ভাৱনী চিন্তাধাৰা/দক্ষতা (Innovative Skills) বিক্ৰি কৰি আছো Promotion আৰু Incrementৰ বিনিময়ত!

যিটো দক্ষতা, কৌশল, শক্তি আমি লোকক বিক্ৰি কৰি আছো হয়তো সেই শক্তি নিজৰ কামত খটূৱাই নিজেই এদিনাখন সৈন্য নহৈ সেনাপতি হ’ৱ পাৰিলো হয়!

কিন্তু, বুজায় কি লাভ?

“ষাড় গৰুৰ আগত টোকাৰী বজালে, ই শিং জোকাৰি ঘাঁহ খায়” গতিকে লাভ নাই, একো লাভ নাই! ভাল কথাত ভূতে কিলায়!

আমাৰ মাজত Percentageৰ অভাৱ থকা ব্যক্তি নাই ঠিকেই, কিন্তু সৎ সাহসী আৰু সু-বুদ্ধিৰ ব্যক্তিৰ ঠিকেই অভাৱ আছে!

কাকনো বুজাম, কোনে বুজি পাৱ??!!

 

 

I Need a Partner like Sergey Brin, Paul Allen, Jan Koum, Binny Bansal, Sandeep Tandon, Rohit Bansal, Ankit Bhatia…

 

পবিত্ৰ মহৰম আৰু কিছু কথা…

মহৰম (مُحَرَّم‎‎) , ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহ। ইছলামিক কেলেণ্ডাৰৰ চাৰিটা পবিত্ৰ মাহৰ ভিতৰত, ৰমজান মাহৰ পিছতে মহৰম হ’ল ইছলামৰ দ্বিতীয়টো পবিত্ৰ মাহ। মহৰম শব্দৰ অৰ্থ ‘নিষিদ্ধ অথবা বিৰত থকা’ (forbidden)

মহৰমৰ ১০ তাৰিখৰ দিনটোক ‘মুহাৰমে অশুৰা’ বুলি জনা যায়। আশুৰাৰ দিনা ছিয়া মুছলমান সকলে শোকত বিলাপ কৰে আৰু ছুন্নি মুছলমান সকলে দিনটো ৰোজা ৰাখে। 

হাদীছত বৰ্ননা অনুসৰি, আশুৰাৰ দিনা হজৰত মুছা আৰু তেওঁৰ সতীৰ্থ সকলে ঈজিপ্তৰ অত্যাচাৰী ৰজাৰ অন্যায়-অত্যাৰৰ বিৰোদ্ধে জয়লাভ কৰিছিল; সেয়েহে শেষৰ নবী হজৰত মহম্মদ (ছঃ) আশুৰাৰ দিনা আৰু তাৰ আগৰ দিনা (৯ মহৰম, তছওৱাৰ দিনা) ৰোজা ৰখাৰ বিধান দিয়ে।

অন্যহাতে, মহৰমৰ ১০ তাৰিখে ছিয়া মুছলমান সকলে ইছলমাৰ আখিৰি পয়গম্বৰৰ মহম্মদ (ছঃ)ৰ চকুৰ মণি, সৰু  নাতি হুছেইন আলী (ৰঃ)ৰ ‘কাৰবালা’ৰ যুদ্ধত এজিদৰ সেনাৰ হাতত শ্বহীদ হোৱাত আশুৰাৰ দিনা দুখত বিলাপ কৰে নিজকে উক্ত দুঃখৰ সমভাগী কৰিবলৈ নিজৰ গাত চাবুক মাৰা দেখা যায়। মহৰমে আশুৰাৰ দিনা মুলমান সম্প্ৰদায়ৰ লোকসকল সমস্ত স্ফূৰ্তি, উল্লাসৰ পৰা বিৰত থাকে আৰু হুছেইন আলী (ৰঃ)ৰ মৃত্যুৰ শোক পালন কৰে।

উৎসঃ Wikipedia

তিনি তালাক আৰু উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

আজি ভাৰতবৰ্ষৰ মুছলমান মহিলাৰ বাবে এক ঐতিহাসিক দিন। আজিৰেপৰা তিনি তালাকৰ নামত কোনো বিবাহিত মুছলমান মহিলাই নিজৰ স্বামীক ভয় কৰিবলগীয়া নহ’ব। বিগত ১৪০০ বছৰে মুছলমান বিবাহ আৰু তালাক প্ৰথাত চলি থকা “তিনি তালাক”ৰ বিষয়ে কিছুকথাঃ

“তালাক, তালাক, তালাক”

তালাকৰ ক্ষেত্রত এটা কথা সদায়ে লুকাই ৰখা হয় বা আলোচনাকাৰীয়ে লুকাই ৰখাৰ চেষ্টা কৰে সেয়া হৈছে “তিনিবাৰ তালাক কলে শ্বৰীয়ত মতে বিবাহ বিচ্ছিন্ন হয় ঠিকেই কিন্তু প্রতিবাৰ তালাক উচ্চাৰণৰ মাজত সময়ৰ ব্যবধান হব লাগিব কমেই ৩০ দিন আৰু এই উচ্চাৰণ কৰিব লাগিব অতি কমেও দুজন বালেগ (প্রাপ্ত বয়স্ক) সুস্থ সাক্ষীৰ সন্মুখত ”

তাৰোপৰি তালাক উচ্চাৰণকাৰী ব্যক্তিজন সম্পূর্ণ ৰূপে মানসিকভাবে সুস্থ থাকিব লাগিব অন্যথা সেয়া বৈধ বুলি গণ্য কৰা নহয়। 

“তালাক”- মূল আৰবী শব্দ যাৰ অৰ্থ মই তোমাক ত্যাগ কৰিলো বা মই তোমাক বিচ্ছেদ দিলো ৷৷ ইছলামীক আইন (যাক শ্বৰিয়ত বুলি কোৱা হয়) এজন স্বামীয়ে তেওঁৰ পত্নীক তিনিবাৰ তালাক তালাক তালাক বুলি উচ্চাৰণ কৰিলে তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্ক চেদ হয় ৷ কিন্তু এইখিনিতে গুৰুত্বপূৰ্ণ বিষয় এটা বিবেচনাৰ আওতালৈ আহে সেইটো হল তিনি তালাক উচ্চাৰণৰ সময়ত পুৰুষ জনৰ মানসিক অৱস্থা, যদি ৰাগিয়াল দ্ৰব্য সেবন কৰি নিচা সক্ত হৈ আছে, মানসিক ৰোগী, অতিপাত খং, কাৰোবাৰ প্ৰৰোচনাত কৈছে তেন্তে সেই তালাক বৈধতাহীন ৷৷ এক সুস্থিৰ মগজু আৰু পতি পত্নীৰ মাজৰ আলোচনাৰ মাধ্যমেৰে উপনীত হোৱা বিচ্চেদক তিনি তালাকৰ মাধ্যমেৰে সম্পাদিত কৰা হয় ৷

আমাৰ সমাজত এটা ভ্ৰান্ত ধাৰণা আছে যে তালাক তালাক তালাক বুলি স্বামীয়ে ৩ বাৰ ক’লেই তালাক হৈ যায়; যেন ই এক পুতলা দৰা-কইনাৰে খেল হৈ পৰিছে।এঁওলোকক দেখি একাংশ অমুছলমানে তালাক প্ৰথাৰ নাম লৈ ইচলামক আৰু সমগ্ৰ মুছলমান সমাজক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।কিন্তু প্ৰকৃতাৰ্থত তালাক প্ৰথা কি? ইয়াকে জানিবলৈ চেষ্টা কৰো আহকঃ

তালাক প্ৰথা হৈছে বিবাহ বিচ্ছেদ কৰা এটি দীঘলীয়া প্ৰক্ৰিয়া। যেতিয়া স্বামী-স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হয় তেতিয়া দুইজনে মিলি প্ৰথমে মিমাংসা কৰিবলৈ চেষ্টা কৰিব লাগে।ইয়াৰ পাছতো যদি মিমাংসা নহয় তেতিয়া পৰিয়ালৰ মানুহ মাতি আনি মিমাংসাৰ চেষ্টা চলাব লাগিব|তাৰ পাছতো যদি সফল নহয় তেতিয়া বিবাহ বিচ্ছেদৰ পন্থা অৱলম্বন কৰিব লাগিব।যেতিয়া স্বামীয়ে তালাক দিব তেতিয়া লগত দুজন সাক্ষী থকাটো বাধ্যতামূলক। ইয়াৰ পাছত অৰ্থাৎ তালাক হৈ যোৱাৰ পাছত তিনিমাহলৈ তেঁওলোক একেলগে একেখন ঘৰত থাকিব পাৰিব কিন্তু কোনো শাৰিৰীক সম্পৰ্ক ৰাখিব নো্ৱাৰিব।তিনিমাহ সময় একেলগে থাকিব দিয়া হয় কাৰণ যদিহে তেওলোকৰ বিবাহ বিচ্ছেদ লৈ অনুশোচনা হয়; পুন: তেঁওলোকৰ মিলন হব পাৰে। (কোৰআন ২:২২৮)

ইয়াৰ পাছতো যদি মিলন নহয় তেন্তে তেতিয়াহে প্ৰকৃতাৰ্থত তালাক হ’ব।আৰু তালাক দিলে স্বামীয়ে মহিলা গৰাকীক দিয়া সামগ্ৰী তথা দেনমোহৰ(বিয়াৰ সময়ত পুৰুষে মহিলাক দেনমোহৰ(টকা) দিয়া প্ৰথা ইচলামত আছে) আদি সকলো মহিলা গৰাকীক দিব লাগিব।(কোৰআন ২:২২৯)

এতিয়া আপুনি সুধিব পাৰে অকল পুৰুষেহে মহিলাক তালাক দিব পাৰে মহিলাই পুৰুষক তালাক দিব নোৱাৰে নিকি? আচলতে তালাক হৈছে বিবাহ বিচ্ছেদ কৰা এটা প্ৰক্ৰিয়াহে আৰু পুৰুষে মহিলাক বিবাহ বিচ্ছেদ কৰা প্ৰথাক তালাক বুলি কোৱা হয়। মহিলাই তালাক দিব নোৱাৰে যদিও বিবাহ বিচছেদ কৰিব পাৰে। ইচলামত ৫ প্ৰকাৰে বিবাহ বিচ্ছেদ কৰিব পাৰি-

১)স্বামী-স্ত্ৰীৰ সৰ্বসন্মতি হিচাপে।

২)তালাক প্ৰথা (ওপৰত উল্লেখ কৰা অনুসৰি)

৩)মহিলাই পুৰুষ দিয়া বিবাহ বিচ্ছেদ(দিভৰ্চ) ইয়াক আৰবীত ইচমাহ বুলি কোৱা হয়। (নিকাহ নামাত উল্লেখ থকাটো জৰুৰী)

৪)কাজিৰ দ্বাৰা কৰা বিবাহ বিচ্ছেদ। উল্লেখযোগ্য যে কোনো মহিলাক স্বামীয়ে যদি স্ত্ৰীৰ অধিকাৰ নিদিয়ে তেন্তে কাজিৰ দ্বাৰা বিবাহ বিচ্ছেদ কৰিব পাৰে।

৫)যদি স্ত্ৰীৰ স্বামীক পছন্দ নহয় তেতিয়া তাই স্বামীক তালাক দিব অনুৰোধ কৰিব পাৰে।ইয়াক কোলহ বুলি কোৱা হয়।

উত্তৰাখণ্ডৰ কাশীপুৰৰ নিবাসী ছায়েৰা বানু নামৰ মহিলাই ইছলামীক ৰীতিমতে ২০০১ চনত বিবাহপাশত আবদ্ধ হয়। কিন্তু দুৰ্ভাগ্যবশত ২০১৫ চনৰ ১০ অক্টোবৰ তাৰিখে তাই স্বামীয়ে তিনিবাৰ তালাক শব্দটো উচ্চাৰন কৰি তাইৰ সৈতে বিবাহ বিচ্ছেদ কৰে। এই কাৰ্য্যত তাই (ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৫ নং অনুচ্ছেদ অনুসৰি) নিজৰ মৌলিক অধিকাৰ উলংঘা হোৱা বুলি ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পৰ্যন্ত গৈ পায়।বিগত দুবছৰে চলি থকা বিষয়টোৰ আজি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানেৰে অন্তপৰে।আজিৰেপৰা তিনি তালাকৰ নামত কোনো বিবাহিত মুছলমান মহিলাই নিজৰ মৌলিক অধিকাৰ খৰ্ব কৰিবলগীয়া নহ’ব।তিনি তালাকৰ ভয়ত নিজ স্বামীৰ অকথ্য মানসিক ও শাৰিৰীক নিৰ্যাতন সহ্য কৰাৰ উদাহৰণ আমি অসমৰ গাঁও তথা চৰাঞ্চলত ভালদৰে পোৱা যায়।

ছায়েৰা বানুৰ দৰে দেশৰ অলেখ অযুত মহিলাই আজিৰেপৰা তিনি তালাকৰ ভয়ত নিজ স্বামীৰ অকথ্য মানসিক ও শাৰিৰীক নিৰ্যাতন সহ্য কৰি কাৰাৰুদ্ধ জীৱন যাপন কৰিৱলগীয়া নহ’ব।

#TrippleTalaqOver #SupremeCourtVerdict

ভাতৃত্ববোধ আৰু সাহসিকতাৰ নিদৰ্শন দাঙি ধৰা বাছ চালক – ছেলিম শ্বেখ

“কৰুণাময়ে মোক শক্তি প্ৰদান কৰিছিল আৰু মই এটা নিৰাপদ স্থানত গাড়ীটো ৰখাই ৫০ জন তীৰ্থ যাত্ৰীক সন্ত্ৰাসবাদীৰ কৱলৰ পৰা ৰক্ষা কৰিব পাৰিলো!মই অতিশয় দুঃখিত কাৰণ মই আপ্ৰান চেষ্টা কৰিও অমৰনাথৰ ৭ জন তীৰ্থযাত্ৰীৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলো।” গাড়ীচালক ছেলিম শ্বেখ

সময়ঃ সন্ধিয়া ৮:৩০ বজা
তীৰ্থযাত্ৰী কঢ়িওৱা বাছলৈ লক্ষ্য কৰি হঠাৎ সন্ত্ৰাসবাদীয়ে গুলিবৰ্ষণ আৰম্ভ কৰে।
৬০ জন যাত্ৰী কঢ়িওৱা বাছখনৰ চালক ছেলিম শ্বেখ-এ গুলিৰ শব্দ শুনি আৰু তীব্ৰ বেগে বাছখন নিৰাপদ স্থানলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল। এনেতে গাড়ীৰ চকা ফুটি যোৱাৰ বাবে সন্ত্ৰাসবাদীৰ গুলিত ৭ জন তীৰ্থ যাত্ৰী নিহত হয় আৰু ১৪ জন গুৰুতৰভাৱে ভাৱে আহত হয়। জীৱন-মৰন চেষ্টা কৰি ছেলিমে গাড়ীখন এটা নিৰাপদ স্থানলৈ লৈ যায় আৰু ৫০ জন তীৰ্থ যাত্ৰীৰ জীৱন ৰক্ষা কৰে।

ছেলিমৰ এই কাৰ্য্যক প্ৰশংসা কৰি গুজৰাট চৰকাৰে তেওঁৰ নাম “সাহসিকতাৰ বটাঁ“ৰ বাবে প্ৰস্তাৱ কৰাৰ কথা ঘোষণা কৰিছে।

যিটো সময়ত সমগ্ৰ দেশে অমৰনাথৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমনৰ সময়ত ছেলিমে কৰা মহান কামৰ বাবে তেওঁক প্ৰশংসা কৰি আছে, সেই সময়ত এদল লোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু কটূ বাক্যবাণেৰে দেশৰ ভাতৃত্ববোধত আঘাত হানিছে।
“সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই!”
এই কথা জনা সত্বেও দেশৰ সেইদল লোকৰ আঙূলি সেই বিশেষ ধৰ্মৰ লোকৰ ওপৰত। কিয়?

বিখ্যাত উপন্যাসিক চেতন ভগতৰ টূইট্ঃ
When Junaid dies,media says he was killed for being Muslim.So why not say those killed in #AmarnathTerrorAttack were killed for being Hindu?

#AmarnathTerrorAttack #IndiaAgainstIslamists

নৰেন্দ্ৰ মোদীৰ সকীয়নিৰ পিছতো নিৰীহৰ তেজেৰে ফাঁকু খেলা বন্ধ হোৱা নাই!

তেতিয়া সমগ্ৰ দেশে জুনাইদৰ মৃত্যুত শোক প্ৰকাশ কৰি আছিল; ঠিক তেনেতেই আন এক শিহৰণকাৰী ঘটনা সংগঠিত হয় বিহাৰত।
“গৌ-ভক্তিৰ নামত নিৰীহক হত্যা কৰাটো গ্ৰহনযোগ্য নহয়। মহাত্মাৰ দেশত আইন নিজৰ হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই।”

__ বৃহস্পতি বাৰে নৰেন্দ্ৰ মোদীয়ে নিজৰ ৫৬ ইঞ্চি বুকু ফিন্দাই এই সকীয়নিৰ দুঘণ্টা পাৰ নৌহওঁতেই ঝাৰখণ্ডৰ ৰামগড় জিলাত আজগৰ আনচাৰী ওৰফে আলিমুদ্দিনক এদল দুষ্কৃতিকাৰীয়ে মৰিয়াই হত্যা কৰে।

অপৰাধঃ নিজৰ মাৰুতে ভেন গাড়ীত গৌ-মাংস লৈ নিজ ঘৰলৈ গৈ আছিল।

দুষ্কৃতিকাৰীৰ দলে আলিমুদ্দিনক বাট আগছি ধৰি নিজ গাড়ীৰ পৰা চুচৰাই নমাই আনি বেয়াকে মাৰধৰ কৰে আৰু তেওঁৰ গাড়ীত জুই লগাই দিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আলিমুদ্দিনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তাতে আলিমুদ্দিনৰ মৃত্যু হয়।

ফৰিদাবাদৰ জুনাইদৰ মৃত্যুত গেটেই দেশে শোক প্ৰকাশ কৰি #NotInMyName প্ৰতিবাদ কৰি থকাৰ সময়তেই আলিমুদ্দিনৰ মৃত্যুৰ বাতৰিয়ে শংকিত কৰি তুলিছে সমগ্ৰ দেশবাসীক।

নৰেন্দ্ৰ মোদীৰ কঠোত সকীয়নিৰ পিছতো দেশত আইন নিজৰ হাতত তুলি লোৱা আলিমুদ্দিনৰ হত্যাকাৰী সেই নৰখাদক বোৰে শাস্তি পাবনে?

…… ইয়াৰেপৰি শুকুৰবাৰে অসমৰ গোৱালপাৰাত ডি ভোটাৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে  আন্দোলন কৰিবলৈ গৈ আৰক্ষীৰ গুলিত প্ৰাণ গ’ল খুটামাৰী গাওঁৰ ইয়াকুব আলী (২২) নামৰ এজন যুৱকৰ।ইয়াৰোপৰি আৰক্ষীৰ লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বহু কেইজন লোক।

নিজৰ প্ৰাপ্য ন্যায় আৰু অধিকাৰ বিচাৰি কৰা গনতান্ত্ৰিক আন্দোলনৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত সংঘটিত এনে বৰ্বৰকাণ্ড আৰু কিমান সহ্য কৰিব লাগিব নিৰীহ অসমৰ লোকে? 

চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশত আৰু কিমান নীৰিহৰ তেজেৰে ফাকুঁ খেলিব অসম আৰক্ষীয়ে?

#StopHarassingMuslims #StopMobLynching #StopBrutality #ShameOnAssamPolice

“Sedition Act” কেৱল মুছলমান আৰু দলিত শ্ৰেণীৰ ওপৰতে প্ৰযোজ্য নেকি?

​১৮ জুন ২০১৭, ক্ৰিকেট অনুৰাগীৰ বাবে এটা উৎসৱৰ দিন। বাট পথ সকলো জনশূণ্য! সকলোৰে চকু টেলিভিচনৰ স্ক্ৰীনত; তাতে আকৌ ভাৰত বনাম পাকিস্তানৰ খেল। ২০১৭ চনৰ চেম্পিয়ন ট্ৰফী খেলখনত পাকিস্তানে ভাৰতক ৮ উইকেটত হৰুৱাই বিজয় সাৱ্যস্ত কৰে। পাকিস্তান বিজয়ী হোৱাত ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনত বেদনা…

ইয়াৰ বিপৰিতে পাকিস্তান ক্ৰিকেট দলে প্ৰদৰ্শন কৰা সুন্দৰ খেলৰ বাবে কিছু সংখ্যক  ভাৰতীয়ই পাকিস্তানৰ জয়ৰ বাবে বিজয়োল্লাস কৰা পৰিলক্ষিত হ’ল। কিছুলোকে টুইটাৰ/ফেচবুক যোগে পাকিস্তান ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰাও দেখা গ’ল।

কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে,
যিটো সময়ত বলাৎকাৰৰ নিচিনা জঘন্য অপৰাধ কৰি অপৰাধী মুকলি আকাশৰ তলত মুক্তমনে বিচৰণ কৰি ফূৰিছে, তেনেসময়ত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ যোৱা চেম্পিয়ন ট্ৰফীত পাকিস্তানৰ জয়লাভত বিজয় উল্লাস কৰাৰ বাবে #sedition গোচৰত ইতিমধ্যে মধ্যপ্ৰদেশত ১৫ জন,
ৰাজস্থানৰ বিকানেৰত ৫ জন,
কৰ্ণাটকত ছাব্বিৰ আহমেদ নামৰ এজনক,
অসমৰ ধুবুৰীত মোঃ আকাশ আহমেদ নামৰ এজনক পুলিচে গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা আটাইকেইজন মুছলমান যুৱক।

ইয়াৰোপৰি কেৰেলাত স্থানীয় বিজেপি নেতা ৰাজেশ সেট্টীয়ে মুছলমান অধ্যুষিত অঞ্চলৰ ২৩জন যুৱকৰ বিৰোদ্ধে গোচৰ ৰুজু কৰিছে।

কিন্তু প্ৰশ্ন হয়ঃ অকল মুছলমানেই পাকিস্তানৰ বিজয়োল্লাসত ভাগ লৈছিল নেকি?
বৃটিছে প্ৰৱৰ্তন কৰা “Sedition” আইন কেৱল মুচলমান অথবা দলিত শ্ৰেণীৰ ওপৰতেই প্ৰযোজ্য নেকি?

অলপতে ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগ (National Commission for Minorities)ৰ নৱ-নিযুক্ত সভাপতি (বিজেপি সংখ্যালঘূ মৰ্চাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক) গায়োৰুল হাচান ৰিজৱীৰ এক বিতৰ্কিত মন্তৱ্যই তোলপাৰ লগাইছে সমগ্ৰ দেশত।

ৰিজৱীৰ ভাষ্যঃ “যিসকল ভাৰতীয়ই পাকিস্তানৰ হৈ বিজয়োল্লাস কৰে, তেওঁলোকে এই দেশ এৰি পাকিস্তানলৈ গুছি যাওঁক।”

#StopSayingAntiNational
#StopHarassingMuslims #Sedition #CT2017Final #IndiavsPakistan

(Courtsey: HT, Quint)

জুনাইদৰ হত্যাকাৰীয়ে শাস্তি পাবনে?

junaid-faridabad-lynchingবয়স মাত্ৰ ১৬ বছৰ; সপোন আছিল দিল্লী জামে মছজিদৰ ইমাম হোৱাৰ।
মূৰত টুপি, পিন্ধনত কূৰ্তা-পাঞ্জাৱী, গাত আতৰৰ সুগন্ধি।
ঈদলৈ মাজত মাথো তিনিটা দিন বাকী থকাত
অন্য মুছমানৰ দৰে তেওঁ নিজৰ চাৰি ভাতৃৰ সৈতে গৈছিল ঈদৰ বজাৰ কৰিবলৈ।
সময়ঃ সন্ধিয়া ৭/৮ বজা
ঈদৰ বজাৰ কৰি আনন্দমনে মথুৰাৰ ট্ৰেইনত ঘৰমূৱা হৈ আছিল।
অখলা ষ্টেচনত ১৫/২০ জনীয়া যুৱকৰ দল এটা ৰেলগাড়ীত উঠি জুনাইদহঁত বহা ছিটটো খালি কৰি দিৱলৈ কয় আৰু এনেতে কাজিয়াৰ সুত্ৰপাত হয়।
উদণ্ড যুবকৰ দলে “ৰাষ্ট্ৰ বিৰোধী”, “গৌ মাংস ভক্ষণকাৰী”, “মোল্লা” (Anti National, Beef-eater, Mulla) বুলি কৈ জপিয়াই পৰিল হাফিজ জুনাইদ খান আৰু তেওঁৰ ভাতৃ হাসিম, মইন, সাকিৰ, মৌচিনৰ ওপৰত।
অপৰাধ এয়াইঃ তেওঁলোক মুছলমান!
তেওঁলোকে গৰুৰ মাংস ভক্ষণ কৰে!
তেওঁলোকে পাঞ্জাৱী-টুপি পিন্ধে, দাঢ়ি ৰাখে!
উদণ্ড যুৱকৰ দলে জুনাইদ আৰু তেওঁৰ চাৰি ভাতৃক উপৰ্যুপৰি আক্ৰমন কৰিলে আৰু অৱশেষত জুনাইদক ৰেলগাড়ীৰ পৰা বাহিৰলৈ দলিয়াই দিয়ে।
ৰেলগাড়ীৰ পৰা পৰি জুনাইদে অকাল মৃত্যুক সাৱটি লয়।
আহত হৈ জুনাইদৰ ভাতৃ বৰ্তমান দিল্লীৰ এইমছ্ত চিকিৎসাধীন হৈ আছে।

যিটো সময়ত সমগ্ৰ দেশে ঈদৰ আনন্দোল্লাষত ব্যস্ত সেইসময়ত ফৰিদাবাদৰ জুনাইদৰ ঘৰত শোকৰ বন্যা, কান্দোনৰ ৰোল।
জুনাইদৰ মৃত্যুত শোক প্ৰকাশ কৰি, প্ৰতিবাদ সাব্যস্থ কৰি দেশজুৰি বিভিন্ন স্থানত ক’লা ফিতা হাতত বান্ধি, ক’লা পতাকা আৰি পবিত্ৰ ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে।

IMG_20170626_091658.jpg

প্ৰশ্ন হয়ঃ মুছলমান মানেই ৰাষ্ট্ৰ বিৰোধী (Anti National) নেকি?

শাস্তি পাবনে জুনাইদৰ হত্যাকাৰীয়ে?

ন্যায় পাবনে জুনাইদৰ পৰিয়ালে?

#StopMobLynching #StopSayingAntiNational

যিসকলৰ জীৱনত নৱবৰ্ষৰ উন্মাদনায় কোনো প্ৰভাৱ নেপেলায়…

নৱবৰ্ষ বুলি ক’লেই মনলৈ ভাহি আহে বনভোজস্থলিৰ এখনি স্ফূৰ্তিভৰা ছবি। পুৰণি বছৰটোক বিদায় দি সকলো ব্যস্থ হয় নতুন বছৰটোক আদৰা কাৰ্য্যত। বছৰৰ প্ৰথমদিনা বিভিন্ন জনে পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ সৈতে বিভিন্ন ঠাইত প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিৱলৈ যায়। 

আমি ২০১৭ চনৰ পহিলা দিনটো পাৰ কৰিলো কোকৰাঝাৰ জিলাৰ লুংছুং অঞ্চলত, সেই অঞ্চলত বসবাস কৰা আদিবাসী লোকসকলৰ সৈতে, তেওঁলোকৰ দুখভৰা কাহিনী অধ্যয়ন কৰি।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১৫ কিঃমিঃ বাট বহুকষ্টেৰে অতিক্ৰম কৰি উপস্থিত হ’লো লুংছুং অঞ্চলত। গাৱলীয়া পৰিৱেশ বুলি ক’লে আমাৰ মনলৈ যিটো ছবি সচৰাচৰ ভাহি উঠে তাতোকৈয়ো অধিক দুখলগা ছবি লুংছুং অঞ্চলৰ। আদিবাসী গাঁৱত সোমায়ে আমি এঘৰ মানুহৰ অৱস্থা দেখি গাড়ী ৰখায় তেওঁলোকৰ কাহিনী জানিবলৈ বাধ্য হ’লো।

মন্ধা মুৰ্মু – দুটি সন্তানৰ সৈতে তাই ঘৰৰ চোতালত ধান শুকুৱাই আছিল। আমি তাইৰ ঘৰত উপস্থিত হোৱাত দুখন পীৰা আৰু ঘৰত থকা একমাত্ৰ ঢাৰিটো পাৰি দিছিল আমাক বহিবলৈ। আমি কথাপাতি জানিব পাৰিলো যে স্বামী আৰু পাঁচটা সন্তানৰ সৈতে এইখন ভঙা জুপুৰিত থাকি, কৃষি কাম আৰু দিন হাজিৰা কৰি জীয়াই আছে তেওঁলোক।

১৯৯৬ চনৰ বড়ো-আদিবাসী সংঘৰ্ষৰ বলি হৈ এই পৰিয়ালটো প্ৰায় ডেৰ বছৰ ৰুণীখাতাৰ শিবিৰত বসবাস কৰিছিল। শিবিৰত থকা সময়ছোৱাত চৰকাৰে অকল খাদ্যবস্তুৰ বাদে বেলেগ কোনো সা-সুবিধা প্ৰধান কৰা নাছিল সেয়ে এই পৰিয়ালৰ লগতে অন্য লোকসকলে ওচৰৰ গাঁৱত দিন হাজিৰা কৰি নিজৰ সন্তানকেইটাক লৈ কোনোমতে জীয়াই আছিল।২০১০ চনত বন বিভাগে উক্ত অঞ্চলৰ ৫৬ টা গাঁৱৰ আদিবাসী লোকৰ ভেটি-মাটি উচ্ছেদ কৰিছিল। সেই সময়ত উক্ত পৰিয়ালটোও বন বিভাগৰ উচ্ছেদৰ বলি হৈ কদমগুৰি এম.ই স্কুলত স্থাপন কৰা অস্থায়ী শিবিৰত কোনো চৰকাৰী সাহায্য অবিহনে বাস কৰিবলগীয়া হৈছিল। উচ্ছেদৰ সময়ত তেওঁলোকৰ ভঁৰালত জমা থকা শস্য, হাঁহ-কুুকুৰা, গৰু-ছাগলী আদি বন বিভাগৰ লোকে লুট কৰি নিছিল।        ২০১৪ চনত পুনৰবাৰ বনবিভাগে এওঁলোকক উচ্ছেদৰ নামত নানান হাৰাশাস্তি কৰিছিল। আকৌ তেওঁলোক চৰকাৰী আশ্ৰয় শিবিৰৰ বাসিন্দা হ’ৱলগীয়া হৈছিল।

সদৌ অসম আদিবাসী ছাত্ৰ সংগঠন চমুকৈ ‘আছা’ৰ এজন ছাত্ৰনেতাৰ সহযোগত উক্ত গাঁৱৰ এখন বিদ্যালয়ত (সেই গাঁৱৰ) কেইজনমান লোকৰ সৈতে তেওঁলোকৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি আলোচনা কৰিলো। তেওঁলোকে আমাক বিভিন্ন সমস্যাৰাজিৰ বিষয়ে অৱগত কৰায়। তেওঁলোকে আমাক জানিৱ দিয়ে ১৯৯৬ চনৰ বড়ো-আদিবাসী সংঘৰ্ষৰ বৰ্বৰতাৰ কাহিনী, ১৯৭২, ২০০৬, ২০১০, ২০১৪ চনত বন বিভাগে কৰা উচ্ছেদৰ বিভিন্ন বিষাদভৰা কাহিনী।

২০১০ চনৰ বন বিভাগৰ উচ্ছেদৰ সময়ত ধানী কিছকোৰ আঢ়ৈ বছৰীয়া সন্তান মংগল হেম্ব্ৰমৰ মৃত্যুৰ দুখভৰা কাহিনী আমাক তাই অৱগত কৰায়।               তাই নদীত কাপোৰ ধুই আছিল, তেতিয়া বন বিভাগৰ লোকে তাইৰ ঘৰটোত জুই লগাই দিয়ে। তাই দৌৰি আহি মানুহবোৰক ক’লে যে তাইৰ ল’ৰাটো ঘৰৰ ভিতৰত শুই আছে, গতিকে ঘৰটোত জুই নলগাব। কিন্তু বন বিভাগৰ লোকে তেওঁৰ কথা নুশুনি ঘৰটোত জুই জ্বলাই দিলে। তাই বহু কষ্ট কৰি ল’ৰাটোক জুইৰ পৰা উদ্ধাৰ কৰে কিন্তু তাৰ মূৰত জুই লাগি চুলিবোৰ পুৰি গৈছিল। এনে অৱস্থা দেখি গাঁৱৰ ৰাইজে টকা-পইচা বৰঙনি একত্ৰিত কৰি ল’ৰাটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ আগতে প্ৰমিলা ৰাণী ব্ৰক্ষ্মই ল’ৰাটোৰ চিকিৎসাৰ বাবৎ দহেজাৰ টকাৰ সাহায্য আগবঢ়ায়। প্ৰাথমিক চিকিৎসাত ল’ৰাটো হয়তে অলপ ভাল হৈ উঠিছিল কিন্তু এবছৰ মৃত্যুৰে যুজি অৱশেষত আঢ়ৈ বছৰীয়া মংগলৰ মৃত্যু হয়।

দেউলগুৰি গাঁৱৰ মঞ্জুলা বাইদেৱে ২০১০ চনৰ এন ডি এফ বি (এছ) ৰ সংঘৰ্ষৰ সময়ত তেওঁৰ স্বামীক হেৰুৱাৱলগীয়া কাহিনি শুনি আমাৰ চকু চলচলীয়া হৈ ৰ’ল। সন্ধিয়া ৫ মান বজাত তাই পৰিয়ালৰ সকলোৰে সৈতে ঘৰতে বহি আছিলে। সেই সময়তে গুলি চলা আৰম্ভ হ’ল। তাইৰ স্বামীৰ মূৰত গুলি লাগিল। তেওঁ গুলি খাই মাটিত পৰি ৰ’ল আৰু মঞ্জুলা বাইদেৱে কোনোমতে নিজৰ ল’ৰা-ছোৱালী কেইজনীক লৈ ঘৰৰ পিছফালৰ কলগছৰ আৰঁত লুকাই থাকিল। শকত, ওখ-পাখ মঞ্জুলা বাইদেউৰ স্বামীয়ে একেটা গুলিতে নিজৰ জীৱন ত্যাগ দিয়ে। মঞ্জুলা বাইদেৱে কৰিব বিচাৰিও একো কৰিব পৰা নাছিল কাৰন তাই ওলাই আহিলে তাইকো গুলি কৰিব। এই ঘটনাৰ পিছত তাই নিজৰ সন্তানক লৈ অস্থায়ী শিবিৰত প্ৰায় ন মাহ আশ্ৰয় ল’বলগীয়া হৈছিল। ক্ষতিপূৰণৰ বাবদ যি পাঁচ লাখ টকা লাভ কৰিছিল তাৰে দুই লাখ টকা চৰকাৰী বিষয়া সকলে বিভিন্ন অজুহাত দেখুৱাই মঞ্জুলা বাইদেউৰ পৰা কাটি ৰাখে। ক্ষতিপূৰণৰ বাবদ পাঁচ লাখৰ মাত্ৰ তিনি লাখ টকাহে তাই লাভ কৰে।

দেউলগুৰি গাঁৱৰে সুপুল হাস্তা, তেওঁ সংগৰ্ষত গুলিবিদ্ধ হৈ প্ৰায় চাৰি মাহ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল। তেওঁৰ ঘৈনীয়েকৰ কেঁচুৱা হোৱাৰ বাবে তেওঁ পাক ঘৰত ভাত বনাই আছিল। সেই সময়ত গুলিৰ শব্দ শুনি তেওঁ পাকঘৰৰ পৰা ওলাই দৌৰি পলোৱাৰ সময়ত ভৰিত গুলিবিদ্ধ হৈ ওচৰতে থকা পানীখোৱা কুঁৱাত পৰি যায়। কুঁৱাৰ পৰা কেনেবাকৈ উঠি ওচৰতে থকা নলা এটাত অজ্ঞান হৈ পৰি থাকে। পিছদিনা গাঁৱৰ ৰাইজে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ত তেওঁৰ জ্ঞান ঘূৰি আহে। তেতিয়াহে মানুহজনে গম পালে যে তেওঁৰ ভৰিত গুলি লাগিছে। তেওঁৰ পৰিয়ালৰ বাকীবোৰ সদস্য অস্থায়ী শিবিৰত থকা কালত, এমাহ পিছতে তেওঁৰ কেঁচুৱাটোৰ (বেমাৰত) মৃত্যু হয়।

তেওঁ চৰকাৰৰ পৰা চিকিৎসাৰ বাবদ তেওঁ মাত্ৰ ২৭ হাজাৰ টকা লাভ কৰিছিল আৰু ক্ষতিপূৰণৰ বাবদ যি পঞ্চাছ হাজাৰ সেই ধনখিনিও দালালৰূপী দাদাই ভক্ষন কৰে।

চৰকাৰৰ বন বিভাগে এই দূৰ্ভগীয়া লোক সকলক আকৌ নিজ গৃহৰ পৰা উচ্ছেদৰ যো-যা চলায় গাঁৱৰ গাঁওবুঢ়ালৈ জাননী প্ৰেৰণ কৰিছে। আমি জানিব বিচাৰিলো- যদি বন বিভাগে আকৌ আপোনালোকক উচ্ছেদ কৰে, তেন্তে আপোনালোকে কি কৰিব?

সকলোৱে ক’লেঃ আমি বিগত সংগৰ্ষত আমাৰ আত্মীয়স্বজন, খেতি-মাটি বহু কিবাকিবি হেৰুৱালো।গতিকে চৰকাৰে যাতে এইবাৰ আকৌ আমাৰ কোনো অন্যায় নকৰে তাৰ বাবে চৰকাৰক কৰযোৰে অনুৰোধ কৰো।

কিন্তু প্ৰশ্ন হয়ঃ চৰকাৰ কিম্বা বন বিভাগে এই দুখীয়া, খাটিখোৱা লোকসকলৰ সবিনয় নিবেদন শুনিবনে??

 #Assam #Bodo #Adivashi #Conflict #BTAD # Kokrajhar #LandConflict #Eviction